হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

স্বচ্ছ ভাৰত (পৰিস্কাৰ ভাৰত)

সৃষ্টি কৰা হ'ল : 04/07/2014
উপৰোক্ত কাৰ্য্যত অংশ ল'বলৈ ক্লিক্‌ কৰক

মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত (ক্লিন ইণ্ডিয়া) অভিযানৰ আহ্বান জনোৱাৰ পাছত সমগ্ৰ দেশবাসীয়ে ঝাড়ু লৈ স্বচ্ছতাৰ শপত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক উদ্দেশ্যি এক বাৰ্তা লিখি কয়, 2019 চনত বাপুজীৰ 150তম সংখ্যক জন্মজয়ন্তী উদযাপনৰ সময়ত এখন স্বচ্ছ ভাৰত হৈছে বাপুজীৰ প্ৰতি আমি প্ৰদান কৰিব পৰা শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি। মই আপোনালোক সকলোকে প্ৰতি বছৰে কমেও এশ ঘণ্টা সময় স্বচ্ছতাৰ বাবে ব্যয় কৰিবলৈ আহ্বান জনাইছো। আমি ভাৰতক আৰু অধিক দিন অশুদ্ধ হৈ থাকিব দিব নোৱাৰো। 2 অক্টোবৰত এই অভিযানৰ শুভাৰম্ভ কৰাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে ৰাজপথত এক পদযাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ৰাজঘাটৰ পাছত বাল্মীকি বস্তি (আৱাস কলনি) পৰিদৰ্শন কৰে, য'ত তেওঁ এক প্ৰতীকী আৰম্ভণিৰ বাবে পথসমূহ পৰিষ্কাৰ কৰে।

এই অভিযানে দেশৰ চুকে-কোণে প্ৰসাৰ লাভ কৰিছে। স্বচ্ছ ভাৰত অভিযানৰ সৈতে জড়িত বিভিন্ন কাম-কাজ আৰু আলোচনাও এই অভিযানত অধিক সংখ্যক লোকক জড়িত কৰাৰ বাবে মাইগ'ভ প্লেটফৰ্মত স্থান লাভ কৰিছে। অভিযানক আৰু অধিক আগুৱাই নিয়াৰ বাবে,

MyGov has introduced a creative and collaborative platform, https://swachhbharat.mygov.in/ where citizens can share their contributions to this remarkable movement with pictures and videos.

ই চৰকাৰী অট্টালিকা আৰু ওচৰ-চুবুৰীয়াৰ পৰিষ্কাৰ-পৰিচছন্নতাৰ ক্ষেত্ৰত চৰকাৰী বিভাগ আৰু সংগঠনসমূহৰ বিভিন্ন প্ৰচেষ্টাক একত্ৰিত কৰে। চৰকাৰী কৰ্মচাৰী আৰু সংস্থাসমূহে তেওঁলোকৰ @nic.in অথবা @gov.in একাউণ্টত লগ ইন কৰি এই অভিযানৰ অধীনত তেওঁলোকৰ কাৰ্যকলাপ প্ৰকাশ কৰিব পাৰিব।