হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

মাইগ'ভ - FAQ

মাইগভ কি

ভাৰতৰ উন্নয়ন আৰু বিকাশৰ বাবে প্ৰযুক্তিৰ সহায়ত নাগৰিক আৰু চৰকাৰৰ মাজত অংশীদাৰিত্ৱ গঢ়ি তোলাৰ এক অভিনৱ মঞ্চ হৈছে মাইগভ। এই মঞ্চৰ জৰিয়তে, চৰকাৰে নাগৰিকৰ ধাৰণা, পৰামৰ্শ আৰু তৃণমূল পৰ্যায়ৰ অৱদান বিচাৰি সুশাসনৰ দিশত নাগৰিকৰ অংশগ্ৰহণক উত্সাহিত কৰাক লক্ষ্য হাতত লৈছে। ৰাষ্ট্ৰ নিৰ্মাণৰ এই ব্যতিক্ৰমী পদক্ষেপত নাগৰিকসকলে অংশগ্ৰহণ কৰিব পাৰিব। এই দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সমগ্ৰ ভাৰতৰ নাগৰিকসকলে একত্ৰিত হৈ বিভিন্ন নীতি, কাৰ্যসূচী, আঁচনি আদিৰ সৈতে জড়িত বিষয়ত চৰকাৰৰ সৈতে তেওঁলোকৰ বিশেষ চিন্তা, ধাৰণা আৰু পৰামৰ্শ বিনিময় কৰিব। মাইগভে নাগৰিকসকলক চৰকাৰৰ সৈতে হাতত হাত মিলাই কাম কৰাৰ বাবে সবল কৰি তোলাৰ লক্ষ্য হাতত লৈছে।

মই কেনেকৈ মাইগভত যোগদান কৰিব পাৰো

অংশগ্ৰহণৰ বাবে https://www.mygov.in ত পঞ্জীয়ন কৰক। আপোনাৰ পৰা ব্যক্তিগত তথ্য যেনে নাম, ইমেইল আইডি আদি বিচৰা হ’ব। আপোনাৰ কি ধৰণৰ দক্ষতা আছে আৰু কি বিষয়ৰ ওপৰত আপুনি ইনপুট দিব বিচাৰে সেই বিষয়েও উল্লেখ কৰিব লাগিব।

অনুগ্ৰহ কৰি মন কৰিব যে মাইগভে এই ছাইটত স্বেচ্ছাই দিয়া যিকোনো ব্যক্তিগত চিনাক্তকৰণযোগ্য তথ্য কোনো তৃতীয় পক্ষৰ (ৰাজহুৱা/ব্যক্তিগত) সৈতে শ্বেয়াৰ নকৰে। এই ৱেবছাইটলৈ প্ৰদান কৰা যিকোনো তথ্য ক্ষতি, অপব্যৱহাৰ, অ-অনুমোদিত অভিগমন, প্ৰকাশ, সাল-সলনি, বা ধ্বংসৰ পৰা সুৰক্ষিত থাকিব।

চৰকাৰী কৰ্মচাৰীৰ বাবে

যদি আপুনি চৰকাৰী কৰ্মচাৰী যাৰ @gov.in বা @nic.in ইমেইল-আইডি আছে, তেন্তে আপুনি এই ইয়াক আন কোনো ধৰণৰ তথ্য প্ৰদান নকৰাকৈ লগ ইন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।

সৰ্বসাধাৰণৰ বাবে

বৃহত্তৰ জনসাধাৰণৰ বাবে, মাইগভত পঞ্জীয়ন আৰু ছাইন আপ আপোনাৰ বৈধ ই-মেইল আইডি আৰু আপোনাৰ 10 টা সংখ্যাৰ মোবাইল নম্বৰৰ জৰিয়তে কৰিব পাৰিব। লগ ইন কৰোতে, পঞ্জীয়নভুক্ত ম'বাইল নম্বৰ বা ইমেইল আইডি ব্যৱহাৰ কৰিব পৰা যাব। যেতিয়াই আপুনি আপোনাৰ ম'বাইল নম্বৰ বা ইমেইল আইডি প্ৰদান কৰিব, তেতিয়াই আপোনাৰ ই-মেইলৰ লগতে মাইগভত পঞ্জীয়নভুক্ত ম'বাইল নম্বৰলৈ এটা ওৱান টাইম পাছৱাৰ্ড (OTP) প্ৰেৰণ কৰা হ'ব। লগিনৰ বাবে কোনো পাছৱাৰ্ড মনত ৰখাৰ প্ৰয়োজন নাই। বিকল্প হিচাপে, আপুনি মাইগভৰ সৈতে ৰাখি আপোনাৰ ই-মেইল আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আপুনি ছাইন-ইন কৰিব পাৰিব।

অংশগ্ৰহণৰ পদ্ধতিসমূহ কি?

এই মঞ্চত বিভিন্ন ফ'কাছ গ্ৰুপ আছে য'ত নাগৰিকসকলে কামবোৰ (অনলাইন আৰু গ্ৰাউণ্ডত দুয়োটাতে) কৰিব পাৰে আৰু লগতে নিৰ্দিষ্ট গোটৰ সৈতে জড়িত বিভিন্ন কাম, আলোচনা, সমীক্ষা, আলোচনা আৰু ব্লগৰ জৰিয়তে তেওঁলোকৰ অন্তৰ্দৃষ্টিৰ আদান-প্ৰদান কৰিব পাৰে।

গোট: চৰকাৰৰ সৈতে সহযোগিতা!

ৰাজহুৱা আৰু ৰাষ্ট্ৰীয় গুৰুত্ৱৰ বিভিন্ন বিষয়ৰ সন্ধান কৰক আৰু নিৰ্বাচন কৰকযাৰ ওপৰত ভিতৰত চৰকাৰ আৰু ইয়াৰ সংশ্লিষ্ট সংস্থাই আপোনাৰ পৰা শুনিবলৈ বিচাৰে। নিজকে এই গোটসমূহৰ অংশ বনাওক আৰু এই বিষয়সমূহৰ ওপৰত আপোনাৰ মূল্যৱান মতামত আৰু প্ৰস্তাৱ প্ৰকাশ কৰক। প'ৰ্টেলটোত গোটৰ বিষয় হিচাপে উল্লেখ কৰা সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে আপোনাৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰিব। এজন নাগৰিকে এটা নিৰ্দিষ্ট সময়ত কেৱল 4টা গোটৰ অংশ হ'ব পাৰে।

আলোচনা কৰক: নিজকে প্ৰকাশ কৰক

মাইগভৰ বিষয়বস্তুভিত্তিক আলোচনাৰ ওপৰত আপোনাৰ মূল্যবান অন্তৰ্দৃষ্টি আৰু মতামত প্ৰকাশ কৰক। ই আপোনালোকৰ মতামতক মূল্য দিয়ে আৰু চৰকাৰে ইয়াৰ নীতিগত পদক্ষেপসমূহৰ উন্নতিৰ বাবে আপোনালোকৰ পৰা শুনিবলৈ আগ্ৰহী। গতিকে আলোচনাত নিজকে জড়িত কৰক আৰু নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অৱদান আগবঢ়াওক।

কৰক: দেশ নিৰ্মাণৰ বাবে সময় দিয়ক!

প্ৰশাসন প্ৰক্ৰিয়াত সক্ৰিয় অংশীদাৰ হওক। কেৱল ইয়াৰ প্ৰণয়ন অংশতে নহয়, ৰূপায়ণ খণ্ডতো অংশীদাৰ হওক৷ মাইগভ প'ৰ্টেলৰ জৰিয়তে চৰকাৰে সমূহীয়া আৰু ব্যক্তিগত কামৰ জৰিয়তে চৰকাৰৰ নীতি ৰূপায়ণ অভিযানত অংশীদাৰ হোৱাৰ সুযোগ প্ৰদান কৰে। কামবোৰ হাতত লওক আৰু চৰকাৰক নিজৰ ব্যক্তিগত কৰ্ম ব্যৱস্থাৰ জৰিয়তে নীতিগত লক্ষ্য আৰু ৰূপায়ণৰ দিশত আগুৱাই নিয়াত সহায় কৰক।

এটা কামৰ সফল সমাপ্তিত নাগৰিকসকলে ক্ৰেডিট পইণ্ট অৰ্জন কৰিব পাৰিব আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁলোকৰ ভাৱ বিনিময় কৰাৰ সুযোগ লাভ কৰিব পাৰিব।

ব্লগ: আপডেট হৈ থাকক আৰু গুৰুত্ৱপূৰ্ণ মাইগভ পদক্ষেপৰ পৰা বঞ্চিত নোহোৱাকৈ থাকক

মাইগভ ব্লগ হৈছে এই প'ৰ্টেলৰ এক গুৰুত্ৱপূৰ্ণ বৈশিষ্ট্য যিয়ে আপোনাক মাইগভ প'ৰ্টেলত চৰকাৰৰ পদক্ষেপ আৰু কাৰ্যকলাপৰ সৈতে আপডেট থাকিবলৈ সহায় কৰে। ই আপোনাক হাতত থকা জ্বলন্ত সমস্যাসমূহৰ এটা উৎকৃষ্ট ধাৰণা প্ৰদান কৰে যি আপোনাক এই পৰ্টেলৰ জৰিয়তে আপোনাৰ জড়িতকৰণক তালিকাভুক্ত কৰাত আৰু অগ্ৰাধিকাৰ দিয়াত সহায় কৰে।

কথা-বতৰা: সংযুক্ত হৈ থাকক!

মাইগভ প'ৰ্টেলটোৱে আপোনাক লাইভ চাটৰ জৰিয়তে চৰকাৰী প্ৰতিনিধিসকলৰ সৈতে সংযোগ আৰু জড়িত হোৱাৰ সুযোগ প্ৰদান কৰে। এইখন এক অনন্য মঞ্চ যিয়ে আপোনাক বাস্তৱ সময় ভিত্তিত মতামত আৰু ধাৰণাৰ আদান-প্ৰদান কৰাত সহায় কৰে। একে সময়তে ই চৰকাৰী প্ৰতিষ্ঠানসমূহক নাগৰিকসকলক শিক্ষা প্ৰদান আৰু তেওঁলোকৰ পদক্ষেপসমূহ আগুৱাই নিয়াৰ বাবে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰে।

সমীক্ষা: আপুনি কি ভাবিছে আমাক কওক!

মাইগভ সমীক্ষাই নাগৰিকক অনলাইন প'লৰ জৰিয়তে বিশেষ নীতি সম্পৰ্কীয় বিষয়ত তেওঁৰ মতামত প্ৰকাশ কৰাৰ অধিকাৰ প্ৰদান কৰে, যিয়ে চৰকাৰক ইয়াৰ নীতিগত পদক্ষেপসমূহৰ কাৰ্যকাৰিতা আৰু গ্ৰহণৰ বিষয়ে এক ভাল ধাৰণা প্ৰদান কৰে। ই জনসাধাৰণৰ মতামত গ্ৰহণ কৰি চৰকাৰক সিদ্ধান্ত গ্ৰহণত সহায় কৰে। এইটো হৈছে এক ফলপ্ৰসূ সঁজুলি যিয়ে নাগৰিকসকলক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে অৱদান আগবঢ়াবলৈ সক্ষম কৰি তোলে।

মই কিয় ভাগ লোৱা উচিত?

মাইগভ হৈছে অংশগ্ৰহণমূলক প্ৰশাসনৰ জৰিয়তে নাগৰিকৰ সৈতে জড়িত হোৱাৰ এক অনন্য মঞ্চ। মাইগভত পঞ্জীয়ন কৰি, আপুনি আলোচনাৰ জৰিয়তে ৰাজহুৱা গুৰুত্ৱপূৰ্ণ বিষয়সমূহৰ ওপৰত আপোনাৰ মতামত আৰু ধাৰণা প্ৰকাশ কৰাৰ সুযোগ লাভ কৰে আৰু ৰাজহুৱা উদ্বেগৰ বিষয়সমূহ সমাধানৰ বাবে এই পৰ্টেলত নিৰ্দিষ্ট কৰা কাৰ্যসমূহৰ জৰিয়তে শাসন ব্যৱস্থাৰ পদক্ষেপসমূহত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰো সুযোগ লাভ কৰে। আটাইতকৈ গুৰুত্ৱপূৰ্ণভাৱে মাইগভে আপোনাক জনহিতাৰ্থে বিভিন্ন পদক্ষেপত অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰে আৰু চৰকাৰৰ নীতিগত পদক্ষেপসমূহৰ ওপৰত আপোনাৰ মতামত প্ৰকাশ কৰিবলৈও সহায় কৰে। মাইগভে আপোনাক পৰিৱৰ্তনৰ কাৰক হিচাপে গঢ়ি তোলে আৰু ৰাষ্ট্ৰ নিৰ্মাণ আৰু 'সুৰাজ্য' প্ৰাপ্তিৰ যাত্ৰাত অৱদান আগবঢ়োৱাৰ এক সোণালী সুযোগ প্ৰদান কৰে৷

অংশগ্ৰহণৰ দ্বাৰা কি কি লাভ হয়?

আলোচনাসমূহৰ ওপৰত মতামত পোষ্ট কৰি, আপুনি স্বেচ্ছাই আগবঢ়োৱা কামসমূহ সম্পূৰ্ণ কৰি, আৰু সামাজিক মাধ্যমত ধাৰণা আৰু দৃষ্টিভংগীসমূহ ভাগ-বতৰা কৰি ক্ৰেডিট পইণ্ট লাভ কৰক। মাইগভে ইয়াৰ বিভিন্ন বৈশিষ্ট্য আৰু পদক্ষেপৰ জৰিয়তে আপোনাক চৰকাৰৰ সৈতে নিয়মিতভাৱে সংযোগ স্থাপন কৰিবলৈ আৰু নীতি গঠন আৰু প্ৰশাসনৰ দিশত অৱদান আগবঢ়াবলৈ এক পূৰ্বপ্ৰস্তুত ইন্টাৰফেচ প্ৰদান কৰে। ভৱিষ্যতে ক্ৰেডিট পইণ্টৰ ভিত্তিত ইনচেন্টিভ ঘোষণা কৰা হ'ব। সময়ে সময়ে নিৰ্বাচিত স্বেচ্ছাসেৱী/প্ৰতিযোগীসকলে মন্ত্ৰী আৰু/বা আনকিভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীকো প্ৰত্যক্ষভাৱে সাক্ষাৎ কৰিব পাৰে আৰু তেওঁলোকৰ মতামত উপস্থাপন কৰিব পাৰে।

তদুপৰি, মাইগভে আপোনাক ৰাষ্ট্ৰ নিৰ্মাণত সহায় কৰাৰ এক সুযোগ প্ৰদান কৰে, যিয়ে আপোনাক অংশগ্ৰহণমূলক শাসন ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলে।

মই কিদৰে এটা অনুপযুক্ত পোষ্টৰ ৰিপোৰ্ট কৰিব পাৰো?

যদি আপুনি কোনো নিৰ্দিষ্ট পোষ্ট বা সমল অনুচিত বা অনুপযুক্ত হিচাপে পায় তেন্তে স্পাম বুটামত ক্লিক কৰি সেই বিশেষ মন্তব্যটো ৰিপ'ৰ্ট কৰিব পাৰে যি প্ৰতিটো আলোচনা বা টাস্ক পোষ্টৰ লগত সংলগ্ন হৈ থাকে। এবাৰ ৰিপোৰ্ট কৰাৰ পিছত, নিৰ্দিষ্ট পোষ্টটো ৱেবছাইটৰ পৰা আঁতৰাই দিয়া হ'ব যদিহে পাঁচগৰাকী মাইগভ ব্যৱহাৰকাৰীয়ে ইয়াৰ অনুপযুক্ত সমলৰ বাবে পোষ্টটো ৰিপ'ৰ্ট কৰে।

মই কেনেদৰে ফীডবেক পঠিয়াব পাৰোঁ

মাইগভ প্লেটফৰ্মৰ লগত জড়িত বিষয়বস্তু, ডিজাইন, সেৱা বা প্ৰযুক্তিগত বিষয়সমূহৰ লগত জড়িত সাধাৰণ প্ৰকৃতিৰ যিকোনো প্ৰশ্ন এই কাস্টমাইজড ফিডবেক ইন্টাৰফেচৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰি।

পঞ্জীয়ন বা লগ ইনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে নেকি?

যদিহে আপুনি পঞ্জীয়ন বা লগিন প্ৰক্ৰিয়া সন্দৰ্ভত কিবা অসুবিধাৰ সন্মুখীন হৈছে তেন্তে অনুগ্ৰহ কৰি এই প্ৰ-পত্ৰৰ জৰিয়তে আমাৰ সৈতে যোগাযোগ কৰক।আমি আপোনালোকৰ সৈতে সংযওগ স্থাপন কৰি আৰু আপুনি মাইগভৰ জৰিয়তে ব্ৰাউজিং আৰু/অথবা অংশগ্ৰহণৰ সময়ত সন্মুখীন হ'ব পৰা সমস্যাসমূহ সমাধান কৰাত সহায় কৰি অত্যন্ত সউি হম, যিহেতু আমি মাইগভত আপোনালোকৰ অংশগ্ৰহণক গুৰুত্ৱ দিও।

প্লেটফৰ্মত আপোনাৰ পৰামৰ্শ বিচাৰি পোৱা নাই নেকি?

আমাৰ সৈতে যোগাযোগ কৰিবলৈ কুণ্ঠাবোধ নকৰিব, যিহেতু আমি ,মাইগভ প্লেটফৰ্মত আপোনাৰ অংশগ্ৰহণক গুৰুত্ৱ দিছো, গতিকে আমি অতি সোনকালে আপোনাৰ সমস্যা সমাধান কৰিম।

টাস্ক ফিডবেকDictionary not found for this word

যদি আপুনি গ্ৰহণ কৰা কামৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে তেন্তে অনুগ্ৰহ কৰি ফীডবেক ফৰ্মৰ জৰিয়তে আমাৰ সৈতে যোগাযোগ কৰক। আমি আপোনা সহায় কৰিবলৈ পালে সুখী হ'ম। যদি আপোনাৰ কামবোৰৰ বিষয়ে পৰামৰ্শ আছে যিবোৰ অন্তৰ্ভুক্ত কৰিব পাৰি বা বৰ্তমানৰ কামৰ সন্দৰ্ভত আমাক অন্তৰ্দৃষ্টি প্ৰদান কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি এই ফীডবেক ফৰ্মৰ জৰিয়তে আমাৰ সৈতে যোগাযোগ কৰক।

আলোচনা ফীডবেক

আলোচনা সূত্ৰৰ বিষয়ে আমাক মতামত আগবঢ়াবলৈ বা ডিচকাচন মোডত আপুনি সন্মুখীন হোৱা কোনো সমস্যাৰ খবৰ দিবলৈ অনুগ্ৰহ কৰি এই ফীডবেক ফৰ্মৰ জৰিয়তে আমাক জনাওক।

অন্য যিকোনো সমস্যা

ওপৰত উল্লেখ কৰা শ্ৰেণীটোৰ বাহিৰে যদি আপুনি ছাইটটোৰ সম্পৰ্কত আন কিবা সমস্যাৰ সন্মুখীন হৈছে তেন্তে অনুগ্ৰহ কৰি আমাৰ লগত যোগাযোগ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আপুনি সন্মুখীন হোৱা সমস্যাটোৰ সংক্ষিপ্ত বিৱৰণৰ সৈতে আপোনাৰ সমস্যাৰ বিষয়ে আমাক জনাওক। আমি আপোনাক সহায় কৰিবলৈ পালে সুখী হ'ম।

যদি আপুনি কোনো নিৰ্দিষ্ট সমল সম্পৰ্কত আপোনাৰ মতামত বা প্ৰশ্ন দাখিল কৰিব বিচাৰে যি মাইগভৰ সৈতে সম্পৰ্কিত নহয় আৰু মাইগভৰ বাহিৰে অন্য কোনো মন্ত্ৰালয়/বিভাগ/ চৰকাৰী নিকায়ৰ সৈতে সম্পৰ্কিত, অনুগ্ৰহ কৰি সংশ্লিষ্ট মন্ত্ৰালয়/বিভাগ/ চৰকাৰী নিকায়ৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰক অথবা তেওঁলোকৰ সংশ্লিষ্ট ৱেবছাইটসমূহ পৰিদৰ্শন কৰক। মাইগভে এনেধৰণৰ প্ৰশ্ন/বিষয়সমূহৰ উত্তৰ দিবলৈ অপাৰগ।