হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

মাইগভ ব্যৱস্থা - স্বেচ্ছাসেৱক

সৃষ্টি কৰা হ'ল : 15/06/2016
উপৰোক্ত কাৰ্য্যত অংশ ল'বলৈ ক্লিক্‌ কৰক

মাইগ'ভ-এ চৰকাৰ আৰু ইয়াৰ প্ৰতিনিধি সংস্থাসমূহৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰি নীতি নিৰ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত নাগৰিকসকলক জড়িত কৰি অংশগ্ৰহণমূলক প্ৰশাসনৰ আধাৰশিলা স্থাপন কৰিছে। মাইগ'ভ-এ বহু মন্ত্ৰালয় আৰু চৰকাৰী সংস্থাক এই মঞ্চলৈ আনিছে, য'ত জনসাধাৰণে তেওঁলোকৰ মতামত ৰাখিব পৰাকৈ বিভিন্ন বিষয় উপস্থাপন কৰা হৈছে। দেশখনৰ জনসাধাৰণৰ পৰা কাৰ্যকৰী আৰু উদ্ভাৱনীমূলক পৰামৰ্শ লাভ কৰি আৰু চৰকাৰী নীতি আৰু কাৰ্যাৱলীত ইয়াক অন্তৰ্ভুক্ত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি মাইগ'ভ-এ প্ৰশাসনত নাগৰিকৰ অংশগ্ৰহণৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিছে। অংশগ্ৰহণমূলক শাসন ব্যৱস্থা শক্তিশালী কৰা আৰু ইয়াক অধিক ফলপ্ৰসূ কৰি তোলাৰ দিশত সন্মিলিত পদক্ষেপ গ্ৰহণ কৰা, মাইগ'ভ-এ এনেধৰণৰ এপ্লিকেচনৰ পৰিকল্পনা কৰিছে যিয়ে সংশ্লিষ্ট মন্ত্ৰালয় আৰু সংস্থাসমূহক ব্যৱহাৰকাৰীসকলৰ সৈতে কাম-কাজ আৰু কাৰ্যকলাপৰ স্থলভাগত জড়িত হ'বলৈ সহায় কৰিব। চৰকাৰৰ সৈতে ব্যৱহাৰকাৰীসকলৰ এই সম্পৰ্কৰ জৰিয়তে মাইগ'ভ-এ এই আন্দোলনক সম্পূৰ্ণ ৰূপ দিবলৈ প্ৰয়াস কৰিব বিচাৰিছে।

মাইগ'ভ ব্যৱস্থা স্বেচ্ছাসেৱক হৈছে স্বেচ্ছাসেৱী ম'বাইল এপ্লিকেচনৰ এক পুষ্পগুচ্ছ, যাৰ অধীনত মানুহে মন্ত্ৰালয়ৰ নেতৃত্ৱত আৰম্ভ কৰা বিভিন্ন কাৰ্যসূচীৰ সৈতে জড়িত হ'ব পাৰে। এই পদক্ষেপে নাগৰিক চৰকাৰৰ সহযোগিতাক দৃঢ় আৰু মূৰ্ত ফলাফল প্ৰদান কৰিব।

এই গ্ৰুপটোৱে ব্যৱহাৰকাৰীসকলক স্বেচছাসেৱী ম'বাইল এপ্লিকেচনৰ এক পুষ্পগুচ্ছৰ জৰিয়তে শাৰীৰিক ঘটনা, কাৰ্যকলাপ আৰু ক্ষেত্ৰৰ কাৰ্য্য সম্পাদনৰ বাবে স্বেচছাসেৱী দ্বাৰা মন্ত্ৰালয়ৰ নেতৃত্ৱত পদক্ষেপসমূহৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰে।