হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

গান্ধী@150

সৃষ্টি কৰা হ'ল : 23/08/2019
উপৰোক্ত কাৰ্য্যত অংশ ল'বলৈ ক্লিক্‌ কৰক

মহাত্মা গান্ধীয়ে আমাৰ মাজৰ পৰা বিদায় লোৱাৰ সত্তৰ বছৰ অতিক্ৰম কৰিলে। কিন্তু তেওঁৰ জীৱন আৰু আত্মাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি মানৱতাক সজীৱ কৰি ৰাখিছে। মানৱ বিকাশৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতি মহৎ আৰু বৈচিত্ৰ্যপূৰ্ণ, যিটো পাহৰিব বা উপেক্ষা কৰিব নোৱাৰি। সমগ্ৰ বিশ্বই আজি তেওঁক মানৱতাই উপলব্ধি কৰাতকৈও অধিক বলিষ্ঠ সামাজিক উদ্ভাৱক হিচাপে স্বীকৃতি দিছে।

ভাৰত চৰকাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ 150তম সংখ্যক জন্মজয়ন্তী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিৰ নেতৃত্ৱত এখন ৰাষ্ট্ৰীয় সমিতি (NC) গঠন কৰা হৈছে। এই কমিটিত মাননীয় উপ-ৰাষ্ট্ৰপতি, মাননীয় প্ৰধানমন্ত্ৰী, দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজনৈতিক ক্ষেত্ৰৰ প্ৰতিনিধি, গান্ধীবাদী, চিন্তাবিদ আৰু সকলো ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল অন্তৰ্ভুক্ত কৰা হৈছে।