হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

গ্ৰাম্য উন্নয়ন

সৃষ্টি কৰা হ'ল : 22/12/2015
উপৰোক্ত কাৰ্য্যত অংশ ল'বলৈ ক্লিক্‌ কৰক

গ্ৰামোন্নয়নৰ অৰ্থ হৈছে জনসাধাৰণৰ অৰ্থনৈতিক উন্নতিৰ লগতে বৃহত্তৰ সামাজিক পৰিৱৰ্তন দুয়োটাই। গ্ৰামোন্নয়ন কাৰ্যসূচীত জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰা, পৰিকল্পনাৰ বিকেন্দ্ৰীকৰণ, ভূমি সংস্কাৰৰ উন্নত প্ৰয়োগ আৰু গ্ৰামীণ জনসাধাৰণক উন্নত সম্ভাৱনা প্ৰদানৰ বাবে ঋণৰ অধিক সুবিধা প্ৰদানৰ পৰিকল্পনা কৰা হৈছে।

আৰম্ভণিতে কৃষি, উদ্যোগ, যোগাযোগ, শিক্ষা, স্বাস্থ্য আৰু আনুষংগিক খণ্ডত উন্নয়নৰ বাবে মুখ্য গুৰুত্ৱ আৰোপ কৰা হৈছিল। পৰৱৰ্তী সময়ত এই কথা উপলব্ধি কৰা হ'ল যে উন্নয়নৰ গতি ত্ৱৰান্বিত কৰিব পাৰি, যদিহে চৰকাৰী প্ৰচেষ্টাসমূহক তৃণমূল পৰ্যায়ৰ লোকসকলৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ পৰে, তেতিয়াহে উন্নয়নৰ গতি ক্ষিপ্ৰ হ'ব।

গ্ৰামাঞ্চলত গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা নিম্নোক্ত প্ৰধান কাৰ্য্যসূচীসমূহ পৰিচালিত কৰা হয়,

(i) মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (MGNREGA)ৰ অধীনত মজুৰিভিত্তিক কৰ্মসংস্থাপন প্ৰদান কৰা

(ii) স্বনিয়োজন আৰু দক্ষতা বিকাশৰ বাবে ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন (NRLM)

(iii) BPL পৰিয়ালসমূহক গৃহ প্ৰদানৰ বাবে ইন্দিৰা আৱাস যোজনা (IAY)

(4) উন্নত মানৰ পথ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (PMGSY)

(v) সামাজিক পেঞ্চনৰ বাবে ৰাষ্ট্ৰীয় সামাজিক সহায়তা কাৰ্যক্ৰম (NSAP)

(vi) আদৰ্শ গাঁৱৰ বাবে সাংসদ আদৰ্শ গ্ৰাম যোজনা(SAGY)

(vii) গ্ৰামীণ বিকাশ কেন্দ্ৰসমূহৰ বাবে শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছন

ইয়াৰোপৰি, মন্ত্ৰালয়ৰ গ্ৰামাঞ্চলৰ কৰ্মীসকলৰ দক্ষতা বিকাশ, তথ্য, শিক্ষা আৰু যোগাযোগ; আৰু নিৰীক্ষণ আৰু মূল্যায়নৰ বাবেও আঁচনি আছে।