হ'ম | মাইগ'ভ

অভিগম্যতা
অভিগম্যতা সঁজুলিসমূহ
ৰং সমন্বয়
পাঠৰ আকাৰ
নেভিগেশ্বন এডজাষ্টমেণ্ট

সাংস্কৃতিক মন্ত্ৰ্যালয়

সৃষ্টি কৰা হ'ল : 16/12/2015
উপৰোক্ত কাৰ্য্যত অংশ ল'বলৈ ক্লিক্‌ কৰক

সাংস্কৃতিক মন্ত্ৰালয়ে দেশৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু সংৰক্ষণ আৰু শিল্পৰ প্ৰসাৰৰ বাবে কাম কৰে। মন্ত্ৰালয়ে দুটা সংলগ্ন কাৰ্যালয়, ছটা অধীনস্থ কাৰ্যালয় আৰু পঁয়ত্ৰিশটা স্বায়ত্তশাসিত সংস্থাৰ জৰিয়তে কাম কৰে।

দেশৰ বিভিন্ন অঞ্চলৰ লোক আৰু পৰম্পৰাগত কলাৰ প্ৰসাৰৰ বাবে সাতটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ আছে। ইয়াৰ লগতে চাৰিটা ৰাষ্ট্ৰীয় মিছন যেনে নেশ্যনেল মিছন ফৰ মেনুস্ক্ৰিপ্টছ, নেশ্যনেল মিছন ফৰ মনুমেন্ট এণ্ড এণ্টিকুইটিছ, নেশ্যনেল মিছন অন লাইব্ৰেৰীছ আৰু গান্ধী হেৰিটেজ ছাইটছ মিছন আছে।

এই মন্ত্ৰালয়ে স্পষ্ট আৰু অস্পষ্ট ঐতিহ্য আৰু সংস্কৃতি উভয়ৰে সুৰক্ষা, বিকাশ আৰু প্ৰচাৰৰ বাবে দায়বদ্ধ আৰু কেইবাটাও জ্ঞান সম্পদ কেন্দ্ৰ পৰিচালনা কৰে। ইয়াৰোপৰি, গান্ধীৰ ঐতিহ্য সংৰক্ষণ আৰু গুৰুত্বপূৰ্ণ ঐতিহাসিক পৰিঘটনা আৰু শতবাৰ্ষিকীৰ স্মৃতিত মন্ত্ৰালয়ক দায়িত্ব দিয়া হৈছে। মূৰ্ত ঐতিহ্যৰ ক্ষেত্ৰত মন্ত্ৰালয়ে ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ জৰিয়তে ৰাষ্ট্ৰীয় গুৰুত্ৱৰ সকলো কেন্দ্ৰীয় সংৰক্ষিত স্মাৰকৰ যত্ন লয়। একেদৰে, মন্ত্ৰালয়ে দেশত সংগ্ৰহালয় আন্দোলনৰ প্ৰচাৰ কৰে আৰু দেশৰ গৰিষ্ঠসংখ্যক গুৰুত্ৱপূৰ্ণ সংগ্ৰহালয় ইয়াৰ প্ৰশাসনিক নিয়ন্ত্ৰণত আছে। মন্ত্ৰালয়ে অনুদান-সাহায্যৰ জৰিয়তে আঞ্চলিক সংগ্ৰহালয়সমূহৰো প্ৰচাৰ কৰে। অমূৰ্ত ঐতিহ্যৰ ক্ষেত্ৰত মন্ত্ৰালয়ে দৃশ্য আৰু সাহিত্য কলা প্ৰদৰ্শনত জড়িত ব্যক্তি, ব্যক্তি গোট আৰু সাংস্কৃতিক সংগঠনসমূহক আৰ্থিক সাহায্য আগবঢ়ায়। একেদৰে, সাহিত্য অকাডেমি আৰু সংগীত নাটক অকাডেমিৰ দৰে প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা বঁটাৰ জৰিয়তে কলা-সংস্কৃতিৰ ক্ষেত্ৰত পাৰদৰ্শিতাক স্বীকৃতি দিয়াৰ বাবে মন্ত্ৰালয়ে ইয়াৰ সংগঠনসমূহৰ জৰিয়তে কাম কৰি আছে। আমাৰ ঐতিহ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ পৰিপ্ৰেক্ষিতত সমসাময়িক প্ৰাসংগিকতাৰ এক উজ্জীৱিত নাট্য আন্দোলনৰ প্ৰসাৰত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় জড়িত হৈ আছে।

মন্ত্ৰালয় দেশৰ সকলো প্ৰধান পুথিভঁৰালৰ সংৰক্ষকো হয়। ই গ্ৰন্থাগাৰ বিকাশৰ বাবে অনুদানৰ পৰিমাণ বৃদ্ধি কৰে আৰু গ্ৰন্থাগাৰ বিকাশৰ লগত জড়িত সকলো নীতিগত বিষয়ৰ বাবেও দায়বদ্ধ। নেশ্যনেল আৰ্কাইভছ অৱ ইণ্ডিয়াৰ জৰিয়তে মন্ত্ৰালয়ে দেশৰ সকলো আৰ্কাইভ অভিলেখৰ ৰক্ষণাবেক্ষণৰ দায়িত্ৱ পালন কৰে। মন্ত্ৰালয়ে সাৰনাথ, বাৰানসী আৰু লেহত অৱস্থিত বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে বৌদ্ধ আৰু তিব্বতীয় সংস্কৃতিৰ সুৰক্ষা আৰু প্ৰসাৰত জড়িত হৈ আছে।

কলা-সংস্কৃতিৰ ক্ষেত্ৰত আগবাঢ়িব খোজা সকলৰ বাবে মন্ত্ৰ্যালয়ৱে অতি সুপৰিকল্পিতভাৱে দক্ষতা বিকাশৰ কাৰ্যসূচী হাতত লৈছে। এই ক্ষেত্ৰত স্কুল অৱ আৰ্কিঅ'লজি, স্কুল অৱ আৰ্কাইভছ, নেশ্যনেল মিউজিয়াম ইনষ্টিটিউট, দ্য এছিয়াটিক ছ'চাইটি, মৌলানা আবুল কালাম আজাদ ইনষ্টিটিউট অৱ এছিয়ান ষ্টাডিছ আদি প্ৰতিষ্ঠানৰ কথা উল্লেখ কৰিব পাৰি। নেশ্যনেল স্কুল অৱ ড্ৰামা আৰু কলাক্ষেত্ৰ ফাউণ্ডেশ্যনে আগবঢ়োৱা বিভিন্ন পাঠ্যক্ৰমো মন্ত্ৰালয়ৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ কিছু উদাহৰণ।

মন্ত্ৰালয়ে বিদেশত ভাৰতৰ মহোৎসৱ আয়োজনৰ জৰিয়তে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় উপস্থিতি চিহ্নিত কৰে আৰু এই ক্ষেত্ৰত ইউনেস্ক'ৰ বিভিন্ন সন্ধি ৰূপায়ণৰ বাবেও দায়বদ্ধ।

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি পৰিদৰ্শন কৰক:

https://indiaculture.gov.in/
https://www.facebook.com/indiaculture.goi
https://twitter.com/MinOfCultureGoI
https://www.youtube.com/user/sanskritigoi

সংস্কৃতি এপ

https://apps.mgov.gov.in/details?appid=760